Local, Vocal, Global

ব’হাগ বিহুৰ পিছৰ পৰাই বৃদ্ধি পাব ফ্লেটৰ দাম

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, খাদ্য সামগীৰ লগতে নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ৰাজ্যৰ ৰিয়েল ইষ্টেট খণ্ডত। ইয়াৰ পৰিপক্ষিতত ৰাজ্যত আন সামগ্ৰীৰ লগতে ব্যয়বহুল হৈ পৰিব ফ্লেটসমূহ।
ব’হাগ বিহুৰ পিছতেই ফ্লেটৰ প্ৰতি বৰ্গফুটট বৃদ্ধি পাব ৬০০ টকাকৈ। এই কথা ঘোষণা কৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেলপাৰ এছ’চিয়েচনে (এৰিডা)।
গুৱাহাটী প্ৰেছকাৱৰ এখন সংবাদ মেলত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে, নিৰ্মাণ সামগ্ৰীৰ ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ষ্টেট খণ্ডৰ প্ৰকল্পসমূহ প্ৰায় স্থবিৰ হৈ পৰিছে।
লগতে তেঁও কয় যে, অসমৰ বিল্ডাৰসকল বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে।এই পৰিস্থিতিত কেতবোৰ পদক্ষেপ গ্ৰহণৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে। নিৰ্মাণ প্ৰকল্পসমূহৰ পৰা আৰ্জিত ৰাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰিব ল’ব পৰা নাই। ২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ পৰ্যন্ত বৃদ্ধি পাইছে। নিৰ্মাণত ব্যৱহৃত ৰড আৰু চিমেণ্টৰ দৰে কেঁচা সামগ্ৰীৰ মূল্য বহুগুণে বৃদ্ধি পোৱাৰ ফলত ফ্লেটৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি কয়।