Local, Vocal, Global

India hands over second tranche of humanitarian assistance to flood-hit Kenya : কেনিয়াত বানে চলোৱা ধ্বংসযজ্ঞৰ পাচত ভাৰতে কেনিয়ালৈ দ্বিতীয়টো মানৱীয় সাহাৰ্য প্ৰেৰণ কৰে

ইণ্টাৰনেশ্যনেল,১৫মে’ : বান বিধ্বস্ত কেনিয়াবাসী ৷ শেহতীয়াকৈ দেশখনত বানে চলোৱা ধ্বংসযজ্ঞৰ পাচত ভাৰতে কেনিয়ালৈ দ্বিতীয়টো মানৱীয় সাহাৰ্য প্ৰেৰণ কৰিছে ৷ এই সাহাৰ্যৰ ভিতৰত আছে ঔষধ, তম্বু, স্লীপি বেগ/মেট, কম্বল, বিদ্যুৎ উৎপাদন ছেট আৰু আহাৰ ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্স-ত এক টুইটযোগে উল্লেখ কৰে, “কেনিয়াৰ বানপীড়িতসকললৈ সাহাৰ্যৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছে সাহাৰ্য সামগ্ৰী ৷ এই সাহাৰ্যৰ ভিতৰত আছে ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি, এইচ এ ডি আৰ সামগ্ৰী । এক ঐতিহাসিক অংশীদাৰিত্বৰ বাবে আমি থিয় দিছো, বিশ্বৰ বাবে বিশ্ববন্ধু ।”

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, ভাৰতীয় বায়ু সেনাৰ এখন বিমানত মঙলবাৰে এক সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে য’ত ২২ টন সামগ্ৰীৰ লগতে মানৱীয় সাহাৰ্য আৰু দুৰ্যোগ সাহাৰ্য সামগ্ৰী (এইচএডিআৰ) অন্তৰ্ভুক্ত আছে ৷ যাৰ ভিতৰত আছে টেণ্ট, স্লীপিং বেগ/মেট, কম্বল, বিদ্যুৎ উৎপাদন ছেট, আহাৰ খাবলৈ সামগ্ৰী, প্ৰাথমিক চেনিটাৰী ইউটিলিটি আৰু পৰিচ্ছন্নতা কিট, যাতে কেনিয়াৰ লোকসকলক তাৎক্ষণিক সাহাৰ্য লাভ কৰে ৷

এই সাহাৰ্য সামগ্ৰীত প্ৰায় ১৮ টন চিকিৎসাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে , যাৰ ভিতৰত আছে ক্ষত ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী ঔষধ আৰু অস্ত্ৰোপচাৰৰ সঁজুলি । ইয়াত কেঁচুৱাৰ খাদ্য, পানী বিশুদ্ধকৰণ, ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা, ম’হ প্ৰতিৰোধী, মেলেৰিয়া আৰু ডেংগুৰ ডায়গনষ্টিক কিট, এণ্টি-ভেনম চিকিৎসা আৰু মাটিত সহজে স্থাপন কৰিব পৰা কেইবাপ্ৰকাৰৰ পৰীক্ষা কিটৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও অন্তৰ্ভুক্ত আছে (India hands over second tranche of humanitarian assistance to flood-hit Kenya)।

ভাৰতীয় নৌ সেনাৰ জাহাজ আইএনএছ সুমেধা যোৱা ১০ মে’ত মোম্বাছাত উপস্থিত হৈছিল, যাতে বানপীড়িতসকলক এইচ এ ডি আৰ পেলেট আৰু দুটা মেডিকেল পেলেটৰ সৈতে তাৎক্ষণিকভাৱে সকাহ প্ৰদান কৰিব পাৰি ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা অনুসৰি কেনিয়াক সহায় কৰাটো হৈছে দেশখনৰ সৈতে আমাৰ শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ পুনৰাবৃত্তি ৷ বানপানীৰ ফলত হোৱা ক্ষতি আৰু ধ্বংসৰ বাবে ভাৰত চৰকাৰে কেনিয়া গণৰাজ্যৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

কেনিয়াত হোৱা বানপানীৰ ফলত ৪৭ টা অঞ্চলৰ ভিতৰত ৩৮ টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে, এতিয়ালৈ আনুমানিক ২৬৭ জন লোকৰ মৃত্যু হৈছে ৷ লগতে ১৮৮ গৰাকী লোক আহত হৈছে আৰু ২,৮০,০০০ ৰো অধিক লোক স্থানচ্যুত হৈছে ।

লগতে পঢ়়ক : Assam BJP issues show cause notice to ex-MLA for criticising party leadership : ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী