Local, Vocal, Global

Assam BJP issues show cause notice to ex-MLA for criticising party leadership : ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী

নিউজ ডেস্ক,১৫মে’ : ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী । ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতাৰ নির্দেশমৰ্মে এই জাননী জাৰি কৰিছে প্ৰাক্তন বিধায়কগৰাকীলৈ । ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰিলে এই জাননী(Assam BJP issues show cause notice to ex-MLA for criticising party leadership)।

৭ মে’ তাৰিখে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্রহণ চলি থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে দলীয় নেতৃত্বক সমালোচনা কৰা আৰু দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰি দলক জনমানসত হেয় প্রতিপন্ন কৰাৰ লগতে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰাকৈ উচতনিমূলক বক্তব্য প্রদান কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে(Assam BJP issues show cause notice to ex-MLA for criticising party leadership)।

২০ মে’ৰ ভিতৰত ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্য্যালয়ত উপযুক্ত কাৰণ দর্শাই লিখিত পত্র দাখিল কৰিবলৈ এই জনানীযোগে প্ৰাক্তন বিধায়ক অশোক শৰ্মাক নিৰ্দেশ দিছে।

লগতে পঢ়ক : 14 trapped at Kolihan copper mine in Jhunjhunu after lift collapse : লিফট খহি আৱদ্ধ ১৪গৰাকীকৈ লোক;বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আৱদ্ধ লোক