ভাৰতলৈ উভতিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। সুদীর্ঘ দিন বিৰতিৰ পিছত ভাৰতলৈ উভতিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট। উল্লেখযোগ্য যে ক’ভিড ১৯ৰ বাবে বিগত বর্ষৰ মার্চ মাহৰ পৰা ভাৰতত অনুষ্ঠিত হোৱা নাছিল ক্ৰিকেট। আয়াৰলেণ্ড আৰু আফগানিস্তানৰ মাজত ২০২০ চনৰ ১০ মার্চত গ্ৰেটাৰ নয়দাত অনুষ্ঠিত খেলখনেই আছিল ভাৰতত অনুষ্ঠিত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল।
এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা ৪খন টেষ্টৰ শৃংখলাটোৰ প্ৰথমখন মেচ অহা ৫ ফেব্ৰুৱাৰীত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ লগে লগে অন্ত পৰিব কোটি কোটি ক্ৰিকেটপ্ৰেমী ভাৰতীয়ৰ ১০ মাহ ২৬ দিনযোৰা অধীৰ আগ্ৰহৰ।