Local, Vocal, Global

পাছপ’র্ট হেৰুৱাই ১৮ বছৰ পাকিস্তানৰ জেলত কটাই ভাৰতলৈ উভতিল হাছিনা বেগম

১৮ বছৰ পূর্বে হাছিনা বেগম নামৰ এগৰাকী মহিলা ঔৰংগাবাদৰ পৰা পাকিস্তানলৈ গৈছিল তেওঁৰ স্বামীৰ পৰিয়ালৰ আত্মীয়-স্বজনক সাক্ষাৎ কৰাৰ বাবে। কিন্তু তেওঁ লাহোৰত ভ্ৰমণ কৰি থকা অৱস্থাত পাছপ’র্ট হেৰুৱাই পৰৱর্তী সময়ত পাকিস্তানৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়। সুদীর্ঘ ১৮ বছৰ ধৰি তেওঁ আবদ্ধ হৈ ৰয় লাহোৰৰ কাৰাগাৰত। শেহতীয়াকৈ এই সন্দর্ভত জানিব পাৰি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ আৰক্ষীয়ে পাকিস্তানৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁৰ মুক্তিৰ ব্যৱস্থা কৰে। ইতিমধ্যে মহিলাগৰাকী আহি ঔৰংগাবাদত উপস্থিত হৈছে।