Local, Vocal, Global

Income Tax Department Raided : পুনৰ মহানগৰীত আয়কৰ বিভাগৰ অভিযান

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : পুনৰ মহানগৰীত আয়কৰ বিভাগৰ অভিযান। বৃহস্পতিবাৰে মহানগৰীৰ ৩টাকৈ স্থানত আয়কৰ বিভাগৰ অভিযান(Income Tax Department Raided ) ।

জানিব পৰা মতে, ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলাই ।

প্ৰাপ্ত তথ্য অনুসৰি, কৰফাঁকিৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান চলাই । মিঠাতেল ব্যৱসায়ী কৈলাশ কাব্ৰা তেলৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ বিপৰীতে বিজয় যাছৰাছাৰীয়াৰ আছে হোটেলৰ ব্যৱসায়। ব্যৱসায়ী ৰোহিত দাউৰা হৈছে গুৱাহাটী চেন্ট্রেলৰ স্বত্বাধিকাৰী(Income Tax Department Raided in Guwahati )।

এই তিনিও গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ কৰ ফাঁকিৰ অভিযোগ । সেয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা আয়কৰ বিভাগে অভিযান চলায় ।

আয়কৰ বিভাগে ব্যৱসায়ী বিজয় যাছৰাছাৰীয়াৰ মহানগৰীৰ ABC বাসগৃহত পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা অভিযান চলাই লগতে বিজয় যাছৰাছাৰীয়া মালিকাধীন বেলতলাস্থিত অট’ম’বাইল এজেঞ্চি আৰু শ্বিলঙত থকা হোটেলতো অভিযান চলাই।

ইফালে তেল ব্যৱসায়ী কৈলাশ কাব্ৰাৰ বাসগৃহত পুৱা ৭ বজাৰ পৰা অভিযান চলাই আয়কৰ বিভাগে । কাব্ৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলক সোধপোছ কৰি আছে আয়কৰ বিষয়াই ।

ইপিনে ৰোহিত দাউৰাৰ মহানগৰী স্পেনিচ গাৰ্ডেনত থকা বাসগৃহৰ লগতেই তেওঁৰ তিনিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে ।

বৰ্তমান ঘটনা সন্দৰ্ভত আয়কৰ বিভাগে একো তথ্য সদৰী কৰা নাই ।

লগতে পঢ়ক : Treasury Officer Suspended on Graft Charges : শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন