Local, Vocal, Global

Drugs Peddler Arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

বিশ্বনাথ, ৭ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs Peddler Arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs Peddler Arrested in Biswanath )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ বিশ্বনাথৰ ৰতোৱা চেন্টাৰত আৰক্ষীৰ অভিযান । অভিযানত জিনজিয়া আৰক্ষীৰ এটা অভিযানকাৰী দলে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন জাহিৰ আলি বুলি চিনাক্ত কৰা হৈছে(Drugs Peddler Arrested in Biswanath) ।

জানিব পৰা মতে, ধৃত যুৱকজনৰ ঘৰ শোণিতপুৰ জিলাৰ ইটাখোলাত। কিন্তু যুৱক জন বিশ্বনাথৰ ৰতোৱাত থাকে আৰু সেই অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । ইতিমধ্যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন থকা ভাড়া ঘৰৰ মালিক বাপন চৰকাৰক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান পলাতক অৱস্থাত ভাড়া ঘৰৰ মালিক বাপন চৰকাৰ ৷

বৰ্তমান ৰতোৱা জিনজিয়া অঞ্চলত ড্ৰাগছৰ বেহা চলোৱা মাষ্টাৰ মাইণ্ড বাপন চৰকাৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে বাপন চৰকাৰে পূৰ্বে বহুতো অভিযোগত অভিযুক্ত হৈ আছিল ৷ দুই ড্ৰাগছ সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰা পাছতে অঞ্চলবাসী ৰাইজে সলাগ লৈছে জিনজিয়া আৰক্ষীক ৷

লগতে পঢ়ক :Drug Peddler Trying To Flee Killed In Police Firing : পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা