Local, Vocal, Global

Treasury Officer Suspended on Graft Charges : শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : নিলম্বন Treasury Officer । শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন । অসম চৰকাৰৰ বিত্তীয় বিভাগে নিলম্বন কৰিছে সঞ্জীৱ বৰাক(Treasury Officer Suspended on Graft Charges) ।

জানিব পৰা মতে, বিষয়াগৰাকীৰ বিৰুদ্ধে একাংশ লোকৰ পৰা বিল পাছ কৰি দিয়াৰ বাবদ ধন লোৱাৰ অভিযোগ আছিল। শিৱসাগৰৰ জিলা আয়ুক্তৰ অভিযোগ সন্দৰ্ভত তদন্তৰ পিছত বিষয়াগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Treasury Officer Suspended on Graft Charges in Sivasagar)।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সঞ্জীৱ বৰা সুৰাসক্ত হৈ কাৰ্যালয়ত কাম কৰি থকা অৱস্থাত শিৱসাগৰৰ জিলা আয়ুক্তই হাতে লোটে কৰায়ত্ব কৰিছিল।

আনহাতে পেঞ্চনাৰ, হিতাধিকাৰী আদিৰ বিলত অনুমোদন জনোৱাৰ নামত ধন দাবী কৰা, সময়মতে কাৰ্যালয়ত উপস্থিত নথকা, কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা বহুটো অপৰাধ সন্দৰ্ভত সঞ্জীৱ বৰাক নিলম্বন কৰা হৈছে। নিলম্বিত সঞ্জীৱ বৰা শিৱসাগৰ জিলা পৰিষদৰ মূখ্য গাণনিক বিষয়া হিচাপেও কৰ্মৰত আছিল (Treasury Officer Suspended on Graft Charges in Sivasagar)।

লগতে পঢ়ক : APSC Scam : CIDৰ কাৰ্যালয়ত হাজিৰ APS অসীমা কলিতা, ফাৰুক আহমে