Local, Vocal, Global

গুৱাহাটীতে নিৰাপত্তাহীন সাংবাদিক, সাংবাদিকৰ সুৰক্ষা বিচাৰি সাংবাদিক বহিল প্ৰতিবাদত

নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : গুৱাহাটীতে সুৰক্ষিত নহয় সাংবাদিকসকল। সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰেছ ক্লাৱত প্ৰতিবাদত বহিল শতাধিক সাংবাদিক।

সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সাংবাদিকক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী সাংবাদিকসকলৰ।

৭ ছেপ্টেম্বৰ তথা মঙলবাৰৰ নিশা বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছিল ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক বনজিৎ ঠাকুৰীয়া। অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে কমাৰ্চ কলেজৰ সন্মুখত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক।

এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াই চানমাৰি থানাত এজাহাৰ দাখিল কৰে যদিও কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয় বুলি অভিযোগ উত্থাপন হৈছে ।

বনজিত ঠাকুৰীয়াৰ আক্ৰমণত জড়িত দুজনক আৰক্ষীয়ে আটক কৰিছে যদিও আক্ৰমণকাৰী অন্য দুৰ্বৃত্তই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছে।

আনহাতে, নিশা আৰক্ষীয়ে তিনি আক্ৰমণকাৰীক আটক কৰছিল যদিও পুৱা তিনি আক্ৰমণকাৰীয়ে চানমাৰি আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক বনজিৎ ঠাকুৰীয়াকহে গ্ৰেপ্তাৰ কৰে।

চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ অদ্ভুত প্ৰশ্ন অগ্নিকাণ্ডস্থলীলৈ গৈ কিয় প্ৰশ্ন কৰিব বুলি সাংবাদিকগৰাকীকহে আক্ৰমণৰ ঘটনাৰ বাবে জগৰীয়া কৰে।

সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ খৰ্ব কৰা চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাজ্যৰ সাংবাদিকসকল৷

বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান আৰু চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শনিবাৰে সাংবাদিকসকলে প্ৰেছ ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰিছে।

কাৰ্যসূচীত বিভিন্ন সংবাদ গোষ্ঠীৰ সাংবাদিকে মুখত ক’লা কাপোৰ বান্ধি সাব্যস্ত কৰিছে প্ৰতিবাদ।

বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, দিলীপ চন্দন, প্ৰকাশ মহন্ত, ধৈৰ্য হাজৰিকা, জীতেন্দ্ৰ কুমাৰ চৌধুৰী, পাৰ্থ গোস্বামী, প্ৰণয় বৰদলৈ, পৰম প্ৰকাশ গগৈ, বিপুল শৰ্মা, প্ৰাণজিত শইকীয়া, অচ্যুত পাটোৱাৰীয়েও প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।