Local, Vocal, Global

অসমৰ চাহ উদ্যোগলৈ সু খবৰ! অসমৰ চাহ বিচাৰি ডুমডুমাত ছাউথ কুৰিয়াৰ প্ৰতিনিধি দল, বিহু নাচি, পাত চিঙি সময় কতালে নামদাং চাহ বাগিছাত

নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : বিশ্বৰ বজাৰত আজিও ম্লান পৰা নাই অসমৰ চাহ পাতৰ দৰ ৷ এই কথা পুনৰ বাৰ প্ৰমাণ কৰি সুদুৰ ছাউথ কুৰিয়া পৰা অসমৰ চাহপাত বিচাৰি তিনিচুকীয়া জিলাত উপস্থিত হৈছেহি এটা চাৰি জনীয়া প্ৰতিনিধিৰ দল ৷

এই বিশেষ প্ৰতিনিধি দলটোক অসমত সঙ্গ দিয়ে অসম টি বৰ্ডে ৷ তেওঁলোকে দলটোক ৰিচিভ কৰি প্ৰথমে নামদাং চাহ বাগিছালৈ লৈ যায় আৰু তাত তেওঁলোকক ঝুমুৰ আৰু বিহু দলে আদৰণি জনোৱা হয় ৷ দলটোৱে বাগিছা খনত চাহপাত চিঙা, ফেক্টৰীত চাহ পাত প্ৰস্তুত কৰা আদি চোৱাৰ লগতে সাংস্কৃতিক দলকেইটাৰ লগত প্ৰায় দুঘণ্টা সময় অতিবাহিত কৰে ৷

ইয়াৰ পাছত প্ৰতিনিধি দলটোক কেটেটং চিংফৌ গাঁৱত পৰম্পৰাগত এসাজ খুৱাই লৈ আহে ডুমডুমা চামডাং চাহ বাগিছালৈ ৷ ইয়াত ফেক্টৰীত চাহ উৎপাদন কৰা চাই, চাহৰ সুৱাদ পৰীক্ষা কৰি অসমৰ চাহৰ সতে এক ব্যৱসায়ীক সম্পৰ্ক গঢ়িতোলাৰ আশা ব্যক্ত কৰে ৷

ভাৰতীয় টি বৰ্ডৰ আঞ্চলিক বিযয়া ৰামেশ্বৰ কুজুৰ আৰু অঞ্জন গগৈৰ তত্ত্বাৱধানত বিদেশী এই প্ৰতিনিধি দলটোৱে অসমৰ চাহ উদ্যোগ পৰিদৰ্শন কৰি আমদানি কৰিবলৈ প্ৰৱল ইচ্ছা ব্যক্ত কৰে ৷