Local, Vocal, Global

সঁচাকৈয়ে ভিক্টৰ দাসে তথ্যৰ ভুল ব্যাখ্যা কৰিছে নে?

নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : আৰক্ষী সঞ্চালক প্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তই শনিবাৰে কৈছে যে ভিক্টৰ দাসে বিষয়টোৰ ওপৰত কাৰ্যকৰী তথ্য প্ৰদান কৰিব নোৱাৰে আৰু তথ্যৰ ভুল ব্যাখ্যা কৰিছে।

তেওঁ খৰখেদাকৈ সাংবাদিকক কৈছিল “ভিক্টৰে আমাক হাতত থকা বিষয়টোৰ ওপৰত কোনো দৃঢ় প্ৰমাণ দিব নোৱাৰিলে। তেওঁ গোটেই ঘটনাটোৰ ভুল ব্যাখ্যা কৰিছে,” ।

২১ আৰু ২৮ আগষ্টত সমগ্ৰ অসমত অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত বাছনিক লৈ মিছা উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত শুকুৰবাৰে নিশা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল।

টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে কয়, “মিছা উৰাবাতৰি বিয়পোৱা আৰু চৰকাৰী পদলৈ বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিভেদ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে।”

ইণ্টাৰনেট কৰ্তন কৰি ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ টুইটযোগে বৃহস্পতিবাৰে সৰৱ হৈ পৰিছিল ভিক্টৰ। টুইটত ভিক্টৰে সদ্যসমাপ্ত এই পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি দাবী কৰিছিল।

আৰক্ষীয়ে জেৰা কৰাৰ পিছত, দাসে তেওঁ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা তথ্যৰ কোনো প্ৰাসঙ্গিক প্ৰমাণ দাখিল কৰিব নোৱাৰিলে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।