প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত হ’ল ইমৰাণ খান, নতুন প্ৰধানমন্ত্ৰী হ’ব শ্বেহবাজ শ্বৰীফ
নিউজ ডেস্ক,১০ এপ্ৰিলঃ অৱশেষত আস্থাৰ ভোটত হাৰিল ইমৰাণ খান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিল ইমৰাণ খান। আস্থা ভোটত সকলো ভোট পাকিস্তানৰ কেপ্তেইনৰ বিপক্ষে দিয়া হয়।
উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাৰ ভিতৰত অৰ্থাৎ নিশা ১২ বজাৰ ভিতৰত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত সংসদত ভোটিং নহ’লে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱাৰ সম্ভাৱনা প্ৰৱল আছিল।
কিন্তু বিষয়টোক লৈ ইচলামবাদত জল্পনা-কল্পনা চলি থকাৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে চৰকাৰী আবাস ত্যাগ কৰে।
সংসদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু এটৰ্নি জেনেৰেলে পদত্যাগ কৰে নিজ নিজ পদৰ পৰা। এনে অৱস্থাত বিৰোধী দলৰ হেঁচাত অনুষ্ঠিত অনাস্থা প্ৰস্তাৱৰ ভোটিঙত ১৭৪টা ভোট পৰে ইমৰাণ খানৰ বিৰুদ্ধে।
ফলস্বৰূপে পতন ঘটে ইমৰাণ খানৰ চৰকাৰ। সন্মিলিত বিৰোধীৰ প্ৰাৰ্থী হিচাপে এতিয়া পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে শ্বাহবাজ শ্বৰীফ।
উল্লেখ্য যে, ইয়াৰপূৰ্বে ইমৰাণ খানে যাতে দেশ ত্যাগ কৰিব নোৱাৰে তাৰ আৰ্জিৰে ইছলামবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে বিৰোধীপক্ষই। ইতিমধ্যে ইছলামবাদত কঠোৰ নিৰাপত্তা গঢ়ি তোলা হৈছে, বন্ধ কৰি দিয়া হৈছে সমূহ বিমান বন্দৰ।