Local, Vocal, Global

ডবকাত আৰক্ষীৰ এনকাউণ্টাৰত আহত ডকাইত

নিউজ ডেস্ক,১০ এপ্ৰিলঃ পুনৰ এনকাউণ্টাৰ। ডবকাৰ শালবাগানত শনিবাৰে নিশা এটি দুৰ্ধষ ডকাইতলৈ লক্ষ্য কৰি হোজাই আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত হয় চামচুল হক নামৰ দুৰ্ধক্ষ ডকাইত।

আহত ডকাইটোৰ সোঁ ভৰিত গুলী লাগে। ইয়াৰপিছতেই উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, শনিবাৰে এক বিশেষ সূত্ৰৰ পম খেদি হোজাই আৰক্ষীয়ে হোজাইৰ পৰা চামচুল হক নামৰ দুৰ্ধষ ডকাইটোক কৰায়ত্ব কৰে ৷ সোধপোচ কৰাৰ অন্তত ডকাইত চামচুল হকৰ লস্কৰ পথাৰস্থিত নিজা ঘৰত অভিযান চলায় হোজাই আৰক্ষীয়ে ৷

আৰক্ষীৰ এই অভিযান কালত ডকাইটোৰ ঘৰৰ পৰা উদ্ধাৰ হয় এটি মাৰনাস্ত্ৰৰ লগতে কেইবাজাই সজীব গুলী ৷

পাছত ডকাইটোক পুনৰ হোজাই আৰক্ষী থানাত চলোৱা হয় মাৰাথান জেৰা ৷ জেৰাৰ অন্তত ডকাইটোৱে ডবকাৰ শালবাগানত আৰু বহুকেইটা মাৰনাস্ত্ৰ লুকুৱাই থোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

মাৰনাস্ত্ৰ অনুসন্ধানত নিশা ১১ মান বজাত হোজাই আৰক্ষীৰ এটি দলে দুৰ্ধষ ডকাইট চামচুল হকক লগত লৈ ডবকাৰ শালবাগানত অভিযান তলাবলৈ আহে ৷ শালবাগানত মাৰনাস্ত্ৰ বিচাৰি অনুসন্ধান চলাবলৈ লওঁতেই দুৰ্ধষ ডকাইট চামচুল হকে এন্ধাৰৰ সুযোগ লৈ এজন আৰক্ষীৰ জোৱানক গতামাৰি পেলাই হাবিৰ মাজেৰে পলাবলৈ চেষ্টা কৰে৷

তেতিয়াই আৰক্ষীয়ে ডকাইটোৰ সো ভৰিলৈ লক্ষ্য কৰি গুলি চালনা কৰি ডকাইটতোক গুলিবিদ্ধ কৰে ৷