Local, Vocal, Global

I.N.D.I.A alliance Meet: ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাত I.N.D.I.A মিত্ৰজোঁট সফল হ’ব : ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, ২ছেপ্তেম্বৰ : দুদিনীয়ৈ বৈঠকৰ অন্তত সাংবাদিকৰ সম্বোধন ৰাহুল গান্ধীৰ। ২৮ টা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে অংশগ্ৰহণ কৰা বিৰোধী I.N.D.I.A মিত্ৰজোঁটৰ দুদিনীয়া বৈঠকৰ সমাপ্তিৰ পিছত সাংবাদিকসকলক সম্বোধন কংগ্ৰেছ নেতাগৰাকীয়ে(I.N.D.I.A alliance Meet)। সাংবাদিক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় , ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাত I.N.D.I.A মিত্ৰজোঁট সফল হ’ব(Impossible for BJP to win if Opposition united)।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে I.N.D.I.A মিত্ৰজোঁট বৈঠকত ভাষণ প্ৰদান কৰি কয়, “আমাৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰত ব্লকে দেশৰ জনসংখ্যাৰ ৬০ শতাংশক প্ৰতিনিধিত্ব কৰে । যদি বৈঠকত উপস্থিত থকা দলবোৰ একত্ৰিত হয় তেন্তে বিজেপিৰ বাবে নিৰ্বাচনত জয়ী হোৱাটো অসম্ভৱ । বিজেপিক পৰাস্ত কৰিবলৈ আমি সকলোৱে আটাইতকৈ দক্ষ উপায়েৰে একত্ৰিত হ’ব লাগিব ।”

ভাষণত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী আৰু গৌতম আদানিৰ মাজৰ সম্পৰ্কক সমালোচনা কৰে আৰু কয়, “যিহেতু ভাৰতে জি-২০ সন্মিলন আয়োজন কৰিছে, সেয়েহে দেশৰ বিশ্বাসযোগ্যতাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰে আৰু আদানিৰ সন্দৰ্ভত কি ঘটিছে তাৰ তদন্ত আৰম্ভ কৰে(INDIA alliance will defeat BJP in national elections says Rahul Gandhi)।”

লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ” দুৰ্নীতিৰ সৈতে মিত্ৰতা প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ। “বিজেপিৰ একমাত্ৰ পৰিকল্পনা হৈছে দৰিদ্ৰলোকসকলৰ পৰা ধন সংগ্ৰহ কৰা আৰু ইয়াক কেইজনমান ব্যক্তিলৈ স্থানান্তৰ কৰা । আমি এক স্পষ্ট পথৰ প্ৰস্তাৱ দিবলৈ ওলাইছো য’ত আকৌ এবাৰ দৰিদ্ৰ, কৃষক আৰু শ্ৰমিকসকল আমাৰ দেশৰ প্ৰগতিত অন্তৰ্ভুক্ত হ’ব। মই নিশ্চিত যে ভাৰত ব্লকে বিজেপিক পৰাজিত কৰিব ।”এই বৈঠকত সকলো নেতাৰ মাজত সমন্বয় নিৰ্মাণত বৃহৎ পৰিমাণৰ কাম কৰিছে আৰু তেওঁলোকে এক হিচাপে কাম কৰে(Rahul says BJP will be defeated if they fight unitedly)।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাষণত উল্লেখ কৰে যে, “নেতাসকলৰ মানসিকতাৰ মাজৰ পাৰ্থক্য হ্ৰাস পাইছে ।”লাডাখ ভ্ৰমণ সম্পৰ্কেও কংগ্ৰেছ নেতাজনে কয়, “মই লাডাখৰ জনসাধাৰণৰ সৈতে এসপ্তাহ অতিবাহিত কৰিছো আৰু লাডাখৰ গৰখীয়া আৰু নেতাসকলৰ সৈতে মই আলোচনা কৰিছো। তেওঁলোকে মোক কৈছে যে প্ৰধানমন্ত্ৰীয়ে মিছা কথা কৈছে আৰু চীনাসকলে আমাৰ ভূমি দখল কৰিছে। সকলোৱে জ্ঞাত যে ভাৰত চৰকাৰে লাডাখ আৰু ভাৰতৰ লোকসকলক বিশ্বাসঘাতকতা কৰিছে। কিন্তু, আমাৰ সংবাদ মাধ্যমই এই বিষয় সমূহ উত্থাপন নকৰে।”

লগতে পঢ়ক :I.N.D.I.A Alliance Mumbai Meeting : আজিৰে পৰা মুম্বাইত I.N.D.I.A মিত্ৰজোঁটৰ তৃতীয় বৈঠক