Local, Vocal, Global

IMD issues Orange Alert in 17 district of assam today : বতৰ বিজ্ঞান বিভাগৰ বিশেষ নিৰ্দেশনা; ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি, ২১খন জিলাত ইয়েল’এলাৰ্ট

নিউজ ডেস্ক,৩০মে’ : বতৰ বিজ্ঞান বিভাগৰ বিশেষ নিৰ্দেশনা । আজি ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। ২১খন জিলাত জাৰি কৰিছে ইয়েল’এলাৰ্ট(IMD issues Orange Alert in 17 district of assam today)।

আজি তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, বিশ্বনাথ, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, কাৰ্বি আংলং, ডিমা হাচাও, হাইলাকান্দি, কাছাৰতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইফালে, কৰিমগঞ্জ, বাক্সা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

জানিব পৰা মতে, অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি আৰু বজ্ৰপাতৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

আনহাতে, ২১খন জিলাত আজি জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ধুবুৰী, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট আৰু যোৰহাট জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে(IMD issues Orange Alert in 17 district of assam today)।

ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাসমূহত বৰষুণৰ লগতে একাংশ জিলাত ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে বিজুলি-ঢেৰেকনি আৰু বজ্ৰপাতৰো সম্ভাৱনা আছে এই জিলাসমূহত।

লগতে পঢ়ক : all school will remain close on 30th and 31st of may : ৰাজ্যত বানৰ সংহাৰী ৰূপৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ