Local, Vocal, Global

Road Accident in Silapathar : তীব্ৰ বেগী মাৰুতি চুইফট্ বাহনখনে খুন্দিয়ালৈ পথচাৰীক

নিউজ ডেস্ক,৩০মে’ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এগৰাকী যুৱক ।

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভগৱান চিলিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া ২ নং চিলি নেপালী গাঁৱৰ নিবাসী ভীম বাহাদুৰে ভগৱান চাৰিআলিৰ পৰা ঘৰলৈ বুলি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে খোজকাঢ়ি গৈ আছিল। উক্ত সময়তে চিমেন চাপৰিৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AS 07 W 1686 নম্বৰৰ তীব্ৰ বেগী মাৰুতি চুইফট্ বাহনখনে খুন্দা মাৰে(Road Accident in Silapathar)।

ফলত থিতাতে নিহত হয় যুৱকজন।নিহত যুৱকজন ভীম বাহাদুৰ চেত্ৰী (৩২) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : One killed in road accident in Guwahati : মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত ট্রাক চালক