Local, Vocal, Global

হাজোত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যত প্ৰত্যেক দিনাই অব্যাহত আছে শোকাৱহ দুৰ্ঘটনা।

বুধবাৰে অসমৰ হোজাই জিলাৰ অন্তৰ্গত হাজোত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

লংকাৰ ৫৪নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত দুজন লোক আহত হোৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দুখন চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আনহাতে, আঘাতপ্রাপ্ত আটাইকেইজনকে লংকা প্রাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।