Local, Vocal, Global

অৰুণাচলত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

  • ভাৰতীয় বায়ু সেনাৰ Mi-17 হেলিকপ্টাৰ এখন পূব অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হয়।
  • বায়ু সেনাৰ হেলিকপ্টাৰখনত আছিল দুজন পাইলট আৰু তিনিজন crew সদস্য। তেওঁলোক সকলো সুৰক্ষিত।
  • অৱশ্যে এজন অভিযন্তা সামান্য আঘাতপ্ৰাপ্ত হৈছিল।
  • ঘটনাটো সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰে হায়ুলিয়াঙৰ পৰা ৰোচামলৈ এটা ৰক্ষণাবেক্ষণ চৰ্টি চলাই আছিল।
  • ঘটনাটোৰ কাৰণ জানিবলৈ বায়ু সেনা কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিছে।
  • উল্লেখ্য যে, ছেপ্টেম্বৰত জম্মু-কাশ্মীৰৰ পাহাৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন পাইলট নিহত হৈছিল ।