Local, Vocal, Global

Watch | ‘I won’t talk if I speak, I will break the mic’ – Rupjyoti Kurmi: ‘মই কথা ক’লে কথা নকবি, মাইক ভাঙি দিম’-ৰূপজ্যোতি কুৰ্মী

গুৱাহাটী: অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি। সদনৰ মজিয়াত ভাষণৰ মাজতে শ্বেৰমান আলীলৈ চোঁচা ৰূপজ্যোতি কুৰ্মীৰ।

আৰু, ‘মই কথা ক’লে কথা নকবি, মাইক ভাঙি দিম’ এনেদৰে সদনৰ মজিয়াতে বিধায়ক শ্বেৰমান আলী,অখিল গগৈক অশ্লীল গালি-গালাজ ৰূপজ্যোতি কুৰ্মীৰ।


আজি অসম বিধানসভাৰ দ্বাদশ দিনটোত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পবিত্ৰ সদনৰ মজিয়াত বিধায়কৰ মাজত সৃষ্টি হয় কাজিয়া। বিধায়ক শ্বেৰমান আলীলৈ চোঁচা ল’লে ৰূপজ্যোতি কুৰ্মীয়ে। ভাষণৰ মাজতে শ্বেৰমানলৈ চোঁচা ল’লে ৰূপজ্যোতিয়ে। ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈৰ। বিৰোধী দলপতিও সৰৱ হৈ পৰিল ৰূপজ্যোতিৰ বিৰুদ্ধে। ৰূপজ্যোতিক বুজনি দিয়াৰ চেষ্টা কৰে উপাধ্যক্ষ ডাঃ নোমল মমিনে।
ইয়াই নহয় ইয়াৰ পাছতো বিধায়ক আমিনুল ইছলাম সৈতে সদনৰ বাহিৰতো বাকযুদ্ধ লিপ্ত ‘আপুনি জে’ল যোৱা মানুহ কাজিয়াৰ মাজত নোসোমাব,আপুনি জে’লত গৈ আহিছে, মই যোৱা নাই জে’লত এনেদৰে মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।