I.N.D.I.A Bloc 4th Meeting Today : পাটনাৰ আয়কৰ চাৰিআলিৰ ৰাস্তাৰ কাষত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পোষ্টাৰিং
নিউজ ডেস্ক, ১৯ডিচেম্বৰ : পাটনাৰ আয়কৰ চাৰিআলিত ৰাস্তাৰ কাষত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পোষ্টাৰ । বিহাৰৰ শাসকীয় দল জনতা দলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমৰ্থনত পাটনাত ব্যাপক পোষ্টাৰিং কৰে । নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবীত এই পোষ্টাৰিং কৰে(I.N.D.I.A Bloc 4th Meeting Today ) ।
মঙলবাৰে দিল্লীত বিৰোধী I.N.D.I.A.মিত্ৰজোঁটৰ চতুৰ্থখন বৈঠক ৷ এই বৈঠকত চূড়ান্ত হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ নতুন দিল্লীৰ অশোকা হোটেলত অনুষ্ঠিত হ’ব এই বৈঠকখন ।
বহু চৰ্চিত I.N.D.I মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব আজি ৷ এই বৈঠকত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, আসন ভাগ-বাটোৱাৰা, যুটীয়া ৰাজহুৱা সভা আৰু ৰাইজৰ মাজলৈ কি কি বিষয় লৈ যোৱা হ’ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ লগতে এই বৈঠকত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ ৰণ কৌশলৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ সম্ভাৱনা আছে(‘Need Nitish’ posters spark speculation about Bihar CM’s role in INDIA bloc) ।
কিন্তু তাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবী তীব্ৰতৰ হৈ উঠিছে । বিহাৰৰ শাসকীয় দল জনতা দলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমৰ্থনত পাটনাত ব্যাপক পোষ্টাৰিং কৰিছে ।
পাটনাৰ আয়কৰ চাৰিআলিত ৰাস্তাৰ কাষত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পোষ্টাৰ । জেডিইউ কৰ্মীসকলে লগাইছে এই পোষ্টাৰ সমূহ । যদিও পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা বা ইণ্ডি মিত্ৰজোঁটৰ আহ্বায়ক পতাৰ কোনো কথা তাত উল্লেখ কৰা নাই, তথাপি তাৰ পৰা এইটো স্পষ্ট যে পোষ্টাৰৰ উদ্দেশ্য হৈছে নীতিশৰ হাতত বিৰোধী মিত্ৰজোঁটৰ আধিপত্য প্ৰদান কৰা(‘Ek Nischay, ek Nitish’ posters hint at rift in INDIA bloc over Opposition’s PM’s face? ) ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ বাবে নিৰন্তৰ দাবী চলি আহিছে । এদিন পূৰ্বে বাল্মীকিনগৰৰ জেডিইউৰ বিধায়ক ৰিংকু সিঙে নীতিশ কুমাৰক বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ দাবী জনাইছিল । তেওঁ এইটোও কৈছিল যে নীতিশ কুমাৰ ইণ্ডি মিত্ৰজোঁটৰ আটাইতকৈ সৎ আৰু সক্ষম প্ৰাৰ্থী । ইয়াৰ পূৰ্বে কে চি ত্যাগী, লালন সিং, অশোক চৌধুৰী আৰু নীৰজ কুমাৰকে ধৰি বহু সাংসদ-বিধায়ক আৰু নেতাই নীতিশ কুমাৰক এগৰাকী ভাল প্ৰাৰ্থী হিচাপে অভিহিত কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে কৈ আহিছে যে তেওঁৰ এই পদৰ বাবে আকাংক্ষা নাই(Ahead of I.N.D.I.A bloc meeting, posters out for picking Nitish Kumar for bigger role ) ।
মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ইণ্ডি মিত্ৰজোঁটৰ বৈঠকত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, আৰজেডিৰ সভাপতি লালুপ্ৰসাদ যাদৱ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, জেডিইউৰ সভাপতি লালন সিং আৰু মন্ত্ৰী সঞ্জয় ঝায়েও অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে সকলো নেতা সোমবাৰে গৈ দিল্লীত উপস্থিত হৈছে ।
লগতে পঢ়ক : I.N.D.I.A Bloc 4th Meeting Today : মঙলবাৰে দিল্লীত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁট I.N.D.I.A চতুৰ্থখন বৈঠক