Local, Vocal, Global

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা…

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা৷নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নিশা কাছাৰত বুজণ পৰিমাণৰ হেৰ’ইন আৰু ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ সোনাই সমষ্টিৰ কচুদৰমত অভিযান চলাই সোনাই আৰু কচুদৰম আৰক্ষীয়ে জব্দ কৰে ২ কেজি হেৰ’ইন আৰু ৬০৪ গ্ৰাম ব্ৰাউন চুগাৰ ৷ স্বাদীন বজাৰ অঞ্চলৰ পৰা নজৰুল হক আৰু একলাছ উদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

কচুদৰম চতুৰ্থ খণ্ডত অভিযান চলাই আৰক্ষীৰ দলটোৱে ১৫২ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰা হয় ৷ বাকচ কেইটাৰ পৰা ২ কেজি হেৰ’ইন জব্দ কৰা হয় ৷ হেৰ’ইনৰ লগতে ৬০৪ গ্ৰাম ব্ৰাউন চুগাৰো জব্দ কৰে আৰক্ষীয়ে