নগাঁৱৰ ৰূপহীহাটত হস্ত নিৰ্মিত বোমাসহ পিষ্টল উদ্ধাৰ !

নগাঁও জিলাৰ ৰূপহীহাটত আৰক্ষীৰ সফল অভিযান।ৰূপহীহাটৰ কাছখাইতীত আৰক্ষীৰ এই অভিযান।অভিযানত দুটাকৈ হস্ত নিৰ্মিত বোমা সহ এম এম পিষ্টল উদ্ধাৰ।আৰক্ষীয়ে অভিযান চলাই দুটাকৈ বোমাৰ সৈতে পিষ্টলসহ আটক কৰে এজনক।আটক কৰা লোকজনক আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজিজুৰ ৰহমানৰ ঘৰত অভিযান চলাই।অভিযানত আজিজুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এম এম পিষ্টল।জানিব পৰা মতে বিভিন্ন অপৰাধজনিত কাণ্ডৰ সৈতে জড়িত আছিল আজিজুৰ ৰহমান।অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত আছে।