Local, Vocal, Global

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম,আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ…

পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি।১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি ৩৫০.৫০ টকালৈ।আজিৰে পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা।চলিত বৰ্ষত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে। জানুৱাৰীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল ২৫ টকাকৈ।

দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা।দিল্লীত এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।উল্লেখযোগ্য যে প্ৰতি মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হয়।