Local, Vocal, Global

পঞ্জাবত হেৰ’ইন–বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ

ভাৰত–পাকিস্তান সীমান্তৰ পঞ্জাবৰ টার্ণ টৰণ জিলাৰ খেমকৰণ অঞ্চলত পঞ্জাব আৰক্ষী আৰু বি এছ এফে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্রৰ লগতে ১ কিলোগ্রাম হেৰ’ইন জব্দ কৰে ৷ পঞ্জাব আৰক্ষীৰ অনুসন্ধান গোট আৰু বি এছ এফে যুটীয়াভাৱে চলোৱা অভিযানত খেমকৰণত উদ্ধাৰ কৰা বৃহৎ অস্ত্র–শস্ত্রৰ ভিতৰত ২২টা পিষ্টল, ৪৪ মেগজিন আৰু ১০০ জাঁই সক্রিয় গুলী আছে ৷

আৰক্ষীয়ে প্রকাশ কৰা মতে অস্ত্রৰ লগত ১ কিলোগ্রাম হেৰ’ইনো উদ্ধাৰ কৰা হৈছে৷ তথ্য মতে সীমান্তৱর্তী খেমকৰণৰ খেতিপথাৰত ক’লা কিট বেগ এটাত এই অস্ত্র–শস্ত্র আৰু হেৰ’ইন ভৰাই থোৱা আছিল ৷ উল্লেখ্য যে পঞ্জাবত বিগত কেইবামাহ ধৰি সীমান্তৱর্তী অঞ্চলত অস্ত্র–শস্ত্রৰ লগতে হেৰ’ইনসহ নিচাযুক্ত দ্রব্য উদ্ধাৰ হৈ আছে ৷ ৰাজ্যখনত শান্তি বিঘ্ণিত কৰাৰ বাবে সন্ত্রাসবাদী সংগঠনে এই ধৰণে অস্ত্র আৰু নিচাযুক্ত দ্রব্য সৰবৰাহ কৰি আহিছে ৷ চলিত বর্ষৰ জুন মাহত পঞ্জাবৰ বাটলাত বিদেশত নির্মিত ৪৮ পিষ্টল উদ্ধাৰ কৰা হৈছে ৷