Local, Vocal, Global

HSLC exam result 2024 : ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল;জানো আহক এইবাৰৰ উত্তীৰ্ণ হাৰ

নিউজ ডেস্ক,২০ এপ্ৰিল : বহু উৎকণ্ঠাৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC result) । ছেবাৰ ৱেবছাইটত উপলব্ধ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ(HSLC exam result 2024) । আজি ১০.৩০ বজাৰ লগে লগে ছেবাই ঘোষণা কৰিলে পৰীক্ষা ফলাফল।

এইবাৰৰ ফলাফল অনুসৰি মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে পৰীক্ষাত। ইয়াৰ ভিতৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ।

ফলাফল অনুসৰি, এইবাৰ ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০,৬৮০ গৰাকী।

মুঠ লেটাৰ মাৰ্ক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১,৯৩,১৫৯ গৰাকী। সমাজ বিজ্ঞান ৩৬,৯৭৩ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে সৰ্বোচ্চ নম্বৰ।

এইবাৰৰ ফলাফলত ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই দখল কৰিছে শীৰ্ষ স্থান। ৮৮.১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা আৰু ৮৬.৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত জিলিকিল বাক্সা জিলা।

লগতে পঢ়ক :HSLC exam result 2024 : ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা ;শীৰ্ষ তিনিটা স্থানত উজলিল পাঁচজনকৈ শিক্ষাৰ্থী