Local, Vocal, Global

HSLC exam result 2024 : ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা ;শীৰ্ষ তিনিটা স্থানত উজলিল পাঁচজনকৈ শিক্ষাৰ্থী

নিউজ ডেস্ক, ২০ এপ্ৰিল : শনিবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ শীৰ্ষ তিনিটা স্থানত উজলিল পাঁচজনকৈ শিক্ষাৰ্থী(HSLC exam result 2024)।

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৫৯৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈয়ে।

৫৯০ নম্বৰ লাভেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে বৰপেটাৰ সৰুপেটাৰ ষ্টেলা মেৰিজ স্কুলৰ বেদান্ত চৌধুৰী।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপ।

লগতে পঢ়ক : HSLC exam result 2024 : আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল