Local, Vocal, Global

Health Benefits of Ginger: ৰাতিপুৱা খালী পেটত খাওঁক আদাৰ ৰস, ইয়াৰ যথেষ্ট উপকাৰিতা আছে

নিউজ ডেস্ক, ১২আগষ্ট : আমি প্ৰায় ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আদা ব্যৱহাৰ কৰো। ৰন্ধনত আদা ব্যৱহাৰে ৰন্ধনৰ সোৱাদ বঢ়াৰ লগতে ইয়াক সুগন্ধিময় কৰি তোলে। আদা ৰন্ধনৰ সোৱাদ বঢ়া আৰু সুগন্ধিময় কৰি তোলাৰ লগতেস আমাৰ শৰীৰক যথেষ্ট উপকাৰিতা প্ৰদান কৰে( Health Benefits of Ginger)।

আদা কেৱল ৰন্ধনত ব্যৱহাৰৰ উপাদান নহয়। ই আমাৰ স্বাস্থ্যৰ বাবে ভাল ৷ মূৰ ঘূৰোৱা, ওকালি অহা, হজমৰ সমস্যা, গেছৰ বুকু জ্বলা-পোৰা আৰু আন বহুতো সমস্যাৰ বাবে ঘৰুৱা প্ৰতিকাৰ হ’ল আদা। সেয়েহে, বিশেষজ্ঞসকলে দিনটোৰ আৰম্ভণি আদাৰে কৰাৰ পৰামৰ্শ দিয়ে। আপুনি জানেনে বাৰু যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আদাৰ টুকুৰা এটা খায় তেন্তে আমাৰ শৰীৰত কিমান লাভালাব হ’ব? আহক আজি আমি আদাৰ উপকাৰিতাৰ বিষয়ে জানো।

ৰাতিপুৱা খালী পেটত আদা খোৱাৰ লাভালাভ-

১) বিশেষজ্ঞসকলৰ মতে, গোটেই ৰাতি ভালদৰে শুৱাৰ পিছত আমি ভাগৰ অনুভৱ কৰো। বিভিন্ন শাৰীৰিক কাৰণত এনে সমস্যা ঘটিব পাৰে। এনে পৰিস্থিতিত আদা উপযোগী হ’ব পাৰে। বিশেষজ্ঞসকলে ৰাতিপুৱা চাহ বা কফিৰ সলনি একাপ আদা পানী খোৱাৰ পৰামৰ্শ দিয়ে। আদাৰ ৰসে আমাৰ শৰীৰক যথেষ্ট শক্তি দিয়ে।

২) মূৰ ঘূৰোৱা, ওকালি আহিলে আদা খাব লাগে।আদাৰ ৰসে আমাক ইয়াৰ পৰা নিৰাময় কৰে । বিশেষজ্ঞসকলৰ মতে, মূৰ ঘূৰোৱা, ওকালি অহাৰ সমস্যা দূৰ কৰিবলৈ ৰাতিপুৱা খালী পেটত আদাৰ টুকুৰা খাব লাগে। আদাৰ টুকুৰা এটাই পেটৰ বহুতো ৰোগ নাইকিয়া কৰে। গৰ্ভৱতী মহিলাসকলে প্ৰায়ে আদাৰ পানী খাব লাগে। তেওঁলোকৰ গৰ্ভত থকা শিশুটোও স্বাস্থ্যৱান হয়।

৩) যিসকলৰ লোকৰ ডায়েবেটিচ আছে তেওঁলোকৰ বাবে আদা অতি উপকাৰী। ইয়াৰ উপৰিও, যিসকলৰ শৰীৰত এতিয়ালৈকে ডায়েবেটিচ হোৱা নাই, বিশেষজ্ঞসকলে তেওঁলোকক ৰাতিপুৱা খালী পেটত আদা অধিক খাবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকৰ মতে, ৰাতিপুৱা খালী পেটত আদা চোবালে বা আদা পানী খালে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।লগতে হৃদৰোগও বহু দূৰত থাকে।

৪) গেছ, বুকুজ্বলা, পেট ফুলা আদি সমস্যা পৰা পৰিত্ৰাণ পাবলৈ আদা অতি উপকাৰী। যিসকলৰ হজমৰ সমস্যা আছে, তেওঁলোকে ৰাতিপুৱা নিয়মীয়াকৈ খালী পেটত আদা খোৱাৰ অভ্যাস কৰিব।তেওঁলোকে ইয়াৰ পৰা যথেষ্ট উপকাৰিতা পাব।