ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ২৭ জুন : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
সোমবাৰে পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (এএইচএছইচি) উচ্চতৰ মাধ্যমিক (এইচএছ) ফলাফল ঘোষণা কৰিছে।
বিজ্ঞান, কলা আৰু বাণিজ্য নামৰ তিনিটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।
AHSEC.-ৰ তথ্য অনুসৰি, ৫০০ ৰ ভিতৰত ৪৯১ নম্বৰৰ সৈতে বিজ্ঞান শাখাৰ শীৰ্ষস্থান লাভ কৰিছে দৰং জিলাৰ Deomornoi HS Schoolৰ ধৃতিৰাজ বাস্তৱ কলিতাই।

৫০০ নম্বৰৰ ভিতৰত ৪৮৮ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ Salt Brook Academy ৰ আলংক্ৰিতা গৌতম বৰুৱাই । আনহাতে ৫০০ ৰ ভিতৰত ৪৮৬ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিছে নগাঁৱৰ Concept Senior Secondary Schoolৰ সুৰজিত সূত্ৰধৰে ।
বাণিজ্য শাখাত, ৫০০ নম্বৰৰ ভিতৰত ৪৮২ নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰিছে কাছাৰৰ বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাগৰ আগৰৱালে।

৫০০ নম্বৰৰ ভিতৰত ৪৭৬ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে Crescent Academyৰ মনোশ জ্যোতি বৰঠাকুৰে। আনহাতে ৫০০ ৰ ভিতৰত ৪৭৪ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিছে তিনিচুকীয়াৰ RD Senior Secondary Schoolৰ নিখিল গুপ্তাই ।
কলা শাখাত ৫০০ ৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰি শীৰ্ষ স্থান লাভ কৰিছে কামৰূপ (গ্ৰাম্য)ৰ কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধনা দেৱী আৰু তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ৰ চেৰী গোহাঁইয়ে ।
