Local, Vocal, Global

ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা! অসমৰ একে পৰিয়ালৰ শাহু-জী-জোঁৱাইৰ কৰুণ মৃত্যু…

ডিজিটেল ডেস্ক:- ৰাজস্থানৰ ভয়ংকৰ পথ দুৰ্ঘটনা।ৰাজস্থানৰ নিহত হয় অসমৰ তিনিজন লোক। শনিবাৰে ৰাজস্থানৰ জয়পুৰত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত অসমৰ এহাল দম্পতী আৰু তেওঁলোকৰ আত্মীয়ৰ মৃত্যু হয়।জানিব পৰা মতে,দিল্লীত জী-জোঁৱাইৰ খবৰ ল’বলৈ গৈ দুৰ্ঘটনাত অসমৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাই ।ৰাজস্থানত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাত শাহুৰ লগতে জী-জোঁৱাইয়েওৰ মৃত্যুক সাৱটি লয়।জানিব পৰা মতে,নিহত শাহুগৰাকীৰ ঘৰ বোকাখাত নুমলীগড়ত আৰু জী-জোঁৱাইৰ ঘৰ গুৱাহাটীৰ সোনাইঘুলিত।কৰ্মসূত্ৰে জী-জোঁৱাই দিল্লীৰ গুৰগাঁৱত বাস কৰিছিল।অসমৰ পৰা দিল্লীলৈ জী-জোঁৱাইৰ খবৰ লবলৈ গৈছিল মহিলাগৰাকীয়ে।পিছত জী-জোঁৱাই আৰু নাতিৰ সৈতে ফুৰিবলৈ গৈছিল ।

প্ৰাথমিক খবৰ অনুসৰি, দম্পতীহালকে ধৰি এগৰাকী মহিলাই যাতায়ত কৰি থকা চাৰিচকীয়া বাহনে এখন তেল টেংকাৰ ট্ৰাকত খুন্দা মাৰে ফলত এই দুৰ্ঘটনাৰ সংঘটিত হয়।

জানিব পৰা অনুসৰি, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এটি ৪ বছৰীয়া শিশু। আৰু লগে লগে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা যায়। উল্লেখ্য যে, নিহত লোক কেইজন জ্যোতিমালা চৌধুৰী গগৈ ,জীয়ৰী মুনমী চৌধুৰী বৰা,জোঁৱাই অৰ্ণৱ বৰা।

ইয়াৰ উপৰিও আনগৰাকী মহিলা অৰ্ণৱজ্যোতি বৰাৰ শাহুৱেক বুলি সন্দেহ কৰা হৈছে। সূত্ৰ অনুসৰি দিল্লীত বসতি স্থাপন কৰা পৰিয়ালটোৱে জয়পুৰ ভ্ৰমণলৈ গৈছিল।