Local, Vocal, Global

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত

ডিজিটেল ডেস্ক:- জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত।জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাত ।দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় দুজন যুৱক। আহত যুৱক দুজনৰ সুব্ৰত যম আৰু পৰিমল বৰদলৈ।

কুসুমটোলাত অনুষ্ঠিত হোৱা বিহুৰ ফাংচন চাবলৈ গৈ থকা অৱস্থাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01-OC-5051 নম্বৰৰ ট্ৰাকখনে সন্মুখৰ দিশৰ পৰা খুন্দা মৰাৰ ফলত যুৱক দুজন গুৰুতৰভাৱে আহত হয়।

আহত যুৱক দুজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও যুৱক দুজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নিশাই যুৱক দুজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।