Local, Vocal, Global

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; ভাৰতত নিষিদ্ধ ১৪ টাকৈ মেচেঞ্জাৰ এপ

ডিজিটেল ডেস্ক:- ভাৰতত নিষিদ্ধ ১৪ টাকৈ মেচেঞ্জাৰ এপ।কেন্দ্ৰীয় চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।পুনৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক কঠোৰস্থিতি।
কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ পৰা চলি থকা ১৪ টা মেচেঞ্জাৰ এপ নিষিদ্ধ কৰিছে। সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ ভিতৰত আছে বি চাট। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে চোৰাংচোৱা ব্যুৰোৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লৈছে। ভাৰত চৰকাৰে কৈছে যে এই এপবোৰে দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি সৃষ্টি কৰিছে।

এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গোপন বাৰ্তা প্ৰেৰণ কৰিছিল।সন্ত্ৰাসবাদীয়ে এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনসমূহ নিজৰ সমৰ্থক আৰু অন গ্ৰাউণ্ড ৱকাৰ্চৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰি আহিছিল।যাৰ কাৰনে এই এপবোৰ নিষিদ্ধ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা পাকিস্তানী এপ্লিকেশ্যনসমূহ হৈছে বীচাট, ক্ৰিপ্টোভিছৰ, ইনিগনা, চেফচৱিচ, বিক্ৰমে, মিডিয়াফায়াৰ, ব্ৰিয়েৰ, নেণ্ডবক্স, কনিয়ান, ইমো, এলিমেণ্ট, ছেকেণ্ড লাইন আৰু জাংগী আৰু থ্ৰীমা।