Local, Vocal, Global

হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্কঃমঙ্গলবাৰে নিশা হাইলাকান্দিত ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাক আৰু ট্ৰিপাৰ গাড়ীৰ মুখা-মুখি সংঘৰ্ষত।সংঘৰ্ষত গুৰুতৰ ভাৱে আহত ট্ৰিপাৰৰ চালক । অতি সংকটজনক অৱস্থাত ট্ৰিপাৰ চালকজনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে ।আহত লোকজনক জাহিদ হুচেইন লস্কৰ বুলি জানিব পৰা গৈছে।
হাইলাকান্দি জিলাৰ বাউৰঘাট এলেকাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংগঠিত হৈছে এই পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনত আছিল বৃহৎ পৰিমাণৰ কয়লা । কিন্তু বৰাক উপত্যকাত কয়লাৰ সৰবৰাহ প্ৰশাসনে সম্পূৰ্ণ বন্ধ কৰি ৰখা অৱস্থাত কেনেকৈ আহিলে এই কয়লা ভৰ্তি ট্ৰাক ?মেঘালয় আৰু হাইলাকান্দিৰ মাজত প্ৰায় ৬খন আৰক্ষী চকীৰ বেষ্টনীৰ থকাৰ পিছতে কেনেকৈ ট্ৰাকখন পালে গৈ বাউৰঘাট ? নে বৰ্তমানেও বৰাকত অব্যাহত আছে ক’লা কয়লাৰ অবৈধ বেহা ?ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে হাইলাকান্দিৰ বিভিন্ন দল সংগঠনে ।