Local, Vocal, Global

আজি শপত ল’ব অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই…

ডিজিটেল ডেস্কঃ আজি শপত ল’ব অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।মঙ্গলবাৰে ৰাজস্থানৰ পৰা অসমত উপস্থিত হৈছিল নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া।

আজি দিনৰ ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱ ৰাজ্যপালগৰাকীয়ে শপতগ্ৰহণ কৰিব।ইয়াৰ পূৰ্বে অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গৰাকী ৰাজস্থানৰ গৃহ,গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল।কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান।অনুষ্ঠানত উপস্থিত থাকিব বহু মন্ত্ৰী-বিধায়ক।