MLZ Phani Bhusan Choudhury submitted-nomination for barpeta lok sabha constituency :হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বিশাল সমদলেৰে বৰপেটা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল ফণীভূষণ চৌধুৰীৰ
নিউজ ডেস্ক,১৮ এপ্ৰিল : ৭ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ইতিমধ্য়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বাবে সাজু হৈছে সকলো । আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় দিন। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ(Lok Sabha Election 2024 Phase 3 ) ।
বৃহস্পতিবাৰে সাংসদ পদৰ বাবে মনোনয়ন দাখিল কৰিলে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বিশাল সমদলেৰে বৰপেটা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ মনোনয়ন দাখিল কৰাৰ সময়ত বিধায়ক গৰাকীক সংগ দিয়ে অগপ, বিজেপি আৰু ইউ পি পি এলৰ জ্যেষ্ঠ নেতা-কৰ্মীয়ে(MLZ Phani Bhusan Choudhury submitted-nomination for barpeta lok sabha constituency) ।
আজি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিলতো ৰাইজৰ সঁহাৰিয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি থকা মৰমকে স্পষ্ট কৰিছে বুলি উল্লেখ কৰে । আনহাতে প্ৰাৰ্থী তথা অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে কয় যে মনোনয়ন দাখিলৰ সময়ত তেওঁ যিধৰণৰ সঁহাৰি পাব বুলি আশা কৰিছিল তাতকৈ বহু বেছিকৈ লাভ কৰিছে ।
ৰাইজৰ এই সঁহাৰিত তেওঁ অভিভূত হোৱা বুলি মন্তব্য কৰে ৷ এনে সঁহাৰিয়ে ৰাইজৰ তেওঁৰ প্ৰতি থকা আস্থা, বিশ্বাস আৰু মৰমকে প্ৰমাণ কৰিছে বুলি চৌধুৰীয়ে কয় ৷