Local, Vocal, Global

PM Modi flags off Assam first Vande Bharat Express : প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বোত্তৰক উপহাৰ দিলে প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’

নিউজ ডেস্ক, ২৯ মে’ : আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলে লাভ কৰিলে তীব্ৰবেগী ৰে’লসেৱা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ । আজি অৰ্থাৎ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিলে বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা । গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত চলাচল কৰিব এই বিশেষ ৰে’লখনে । সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে (PM Modi Flag Off Assam First Vande Bharat Express) ।

নতুন বিপ্লৱৰ সূচনা কৰি ৰে’ল যাতায়ত ব্যৱস্থাত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আজি অৰ্থাত্‍ সোমবাৰৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে (PM Modi Flag Off Assam First Vande Bharat Express) । মাত্ৰ ৫.৩০ ঘন্টাতেই এই যাত্ৰা সম্পূৰ্ণ কৰিব এই বিশেষ দ্ৰুতবেগী ৰে’লখনে ।

ৰাজধানী এক্সপ্ৰেছৰ লগতে আজিৰে পৰা বন্দে ভাৰত এক্সপ্ৰেছ সংযোজন হোৱাৰ লগতে উত্তৰ-পূব ভাৰতৰ ৰে’ল যাতায়ত ব্যৱস্থাই নতুন গতি লাভ কৰিব (Assam First Vande Bharat Express Train) । আনহাতে, প্রধানমন্ত্রীয়ে ৯১.০৩ কিলোমিটাৰ দৈৰ্ঘৰ নিউ বঙাইগাঁও দুধনৈ মেন্দিপাথাৰ নৱনিৰ্মিত বৈদ্যুতিকৰণ কৰা খণ্ডটোৰ লগতে গুৱাহাটী-চাপৰমুখৰ ৯১ কিলোমিটাৰ নৱ-নির্মিত বৈদ্যুতিকৰণ কৰা ৰে’ল খণ্ডটোও উত্‍সৰ্গা কৰে (Guwahati-New Jalpaiguri Vande Bharat Express) ।

উল্লেখ্য যে অত্যাধুনিক তীব্ৰবেগী ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটী- নিউ জলপাইগুড়ী লাইনত চলাচলৰ নিয়মীয়া সেৱা ৩১ মে’ পৰা আৰম্ভ হ’ব (Vande Bharat Express Train)। মঙলবাৰৰ বাহিৰে এই বেশেষ ৰে’লখন সপ্তাহত ছয়দিন চলাচল কৰিব । বন্দে ভাৰত এক্সপ্ৰেছে ৩১ মে’ পৰা পুৱা ৬:১০ বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰিব আৰু দিনৰ ১১:৪০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব । আৰু গুৱাহাটী- নিউ জলপাইগুড়ী বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ পৰা বিয়লি ৪:৩০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি নিশা ১০:০০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব । উভয় যাত্রা পথত ৰে’লখনে কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’লখনৰ ওৱান ৱে যাত্ৰাত বন্দে ভাৰত এক্সপ্রেছে ৫ ঘণ্টা ৩০ মিনিটত ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ৰে’লখনৰ ৮ টা ডবাত ৫৩০ খন বহা আসন থকাৰ লগতে ৰে’লখনত পাঁচখন চেয়াৰ কাৰ, দুটা ড্রাইভাৰ ট্ৰেইল কোচ আৰু এটা এগজিকিউটিভ ক্লাছ থাকিব ।

আজি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী নিশীথ প্ৰামাণিক, সাংসদ কুইন ওজা, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে ।

লগতে পঢ়ক : PM Modi address at new Parliament building: সময়ৰ গতিত সাংসদৰ সংখ্যা বৃদ্ধিৰ লগে লগে গঢ় লৈ উঠে নতুন সংসদ: প্ৰধানমন্ত্ৰী মোডী