Local, Vocal, Global

পাঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

হোজাইৰ গোবিন্দপল্লীত এক চাঞ্চল্যকৰ ঘটনা।পাঞ্জাৱ নেচনেল বেংকৰ হোজাই ব্ৰাঞ্চৰ মেনেজাৰৰ মৃতদেহ উদ্ধাৰ কৰে। ভাড়াঘৰৰ কোঠাত উদ্ধাৰ মেনেজাৰ গৰাকীৰৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।মৃত মেনেজাৰ গৰাকীৰ নাম মৃদুল দাস।মৃদুল দাসৰ ঘৰ শ্বিলঙত আৰু তেওঁৰ বয়স ৩২ আছিল।তিনিমাহ পূৱে পাঞ্জাৱ নেচনেল বেংকৰ হোজাই শাখাত যোগদান কৰিছিল মৃদুলে। মৃতদেহ উদ্ধাৰ পিছতে সন্দেহ কৰা হয় আত্মহত্যা বুলি। হোজাইৰ গোবিন্দপল্লীৰ ভাড়াঘৰত এই ঘটনা।এখন কাপোৰেৰে উলোমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।মৃতদেহটো পোষ্টমট্ৰেমৰ বাবে লৈ যোৱা হয় ভোগেশ্বৰি ফুকননি হস্পিতাল নগাওঁত।