Local, Vocal, Global

হোজাইত প্ৰশাসনৰ উচ্ছেদ অভিযান, অভিযানত নিহত এজন

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ হোজাই পুৰণা বজাৰস্থিত ব্যৱসায় দোকানত চলিল উচ্ছেদ অভিযান (hojai eviction)।
মঙলবাৰে পুৱা হোজাইৰ ৰে’ল ষ্টেচনৰ সন্মুখত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ ফলত মৃত্যু ঘটে এগৰাকী ব্যৱসায়ীৰ ৷

মৃত ব্যৱসায়ীজনৰ নাম অচিৎ দাস বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে ৷

হোজাই আৰক্ষী আৰু ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত হোজাইত চলিছিল এই উচ্ছেদ অভিযান ।

উচ্ছেদিত লোকসকলে জনায় যে, উচ্ছেদ সন্দৰ্ভত আগতীয়াকৈ কোনো লিখিত জাননী দিয়া নাছিল হোজাই জিলা প্ৰশাসনে ৷

লিখিত জাননীৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে কেৱল মৌখিকভাৱে একাংশ ব্যৱসায়ীক উচ্ছেদ সম্পৰ্কে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰা হৈছিল ৷

কিন্তু কোনো সঠিক জাননী নিদিয়াকৈ হোজাই প্ৰশাসনে ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলাইছে উচ্ছেদ অভিযান ৷