Local, Vocal, Global

পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মহানগৰীত প্ৰতিদিনে উদ্ধাৰ হৈছে মৃতদেহ। বিগত ১০ দিনত ১৩ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহানগৰীত।

আজি পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। এই ঘটনা মহানগৰীৰ বোন্দাৰ চপাইডাঙৰ (Dead body Recover in Guwahati)। এতিয়াও মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই।

এটা ইটাভাটাৰ কাষত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহটো। এই ঘটনাক লৈ  অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত পানীখাইতী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

একাংশ লোকে ইটা ভাটাৰ কৰ্মচাৰী বুলিও সন্দেহ কৰিছে মৃতদেহটো। অৱশ্যে সেয়াও নিশ্চিত নহয়।

এয়া হত্যাকাণ্ড নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।