Local, Vocal, Global

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষামন্ত্ৰীৰ গুৰুত্বপূর্ণ নিৰ্দেশনা

২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত খুলিব শিক্ষানুষ্ঠানসমূহ৷ কৰনাৰ ভয়াৱহতাৰ মাজতো শিক্ষানুষ্ঠানত পুনৰ পাঠদান আৰম্ভ হোৱাক লৈ সৃষ্টি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷ একাংশই যদি শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে সমান্তৰাল কৈ একাংশ সমালোচনাও কৰিছে৷ কিন্তু ইয়াৰ মাজতেই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য কৰিছে ৷

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষামন্ত্ৰীৰ গুৰুত্বপূর্ণ নিৰ্দেশনা৷ বিশেষ কৈ গ্ৰাম্যঞ্চলৰ অথবা শিক্ষানুষ্ঠানৰ পৰা দূৰত থকা শিক্ষার্থীসকলৰ বাবে এয়া এক গুৰুত্বপূর্ণ ঘোষণা৷ নিজ নিজ জিলাৰ শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণৰ নিৰ্দেশ হিমন্ত বিশ্ব শর্মাৰ৷ কিয়নো বিদ্যালয়-মহাবিদ্যালয়ৰ লগত থকা হোষ্টেলসমূহ বৰ্তমানেও ছাত্ৰ-ছাত্ৰী থাকিবৰ বাবে খুলি দিয়া নহয়৷ সেয়ে শিক্ষামন্ত্ৰীৰ নিৰ্দেশ যে ছাত্ৰ-ছাত্ৰীসকলে নিজ জিলাৰ শিক্ষানুষ্ঠানতে শিক্ষাগ্ৰহণ কৰে৷

লগতে শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰে যে অভিভাৱকৰ অনুমতি সাপেক্ষে শিক্ষানুষ্ঠানলৈ আহিব পাৰিব আৰু যিসকল অভিভাৱকে সন্তানক শিক্ষানুষ্ঠানলৈ আহিবলৈ অনুমতি প্ৰদান নকৰে সেইসকলক ঘৰতে অনলাইন ক্লাছ কৰক৷