মেছেজৰ প্ৰকোপত হেং হৈ গ’ল হিমন্ত বিশ্বৰ ম’বাইল

নিজৰ ম’বাইল নম্বৰ ৰাজহুৱাভাবে প্ৰকাশ কৰি আহুকাল চপাই ল’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিৰ এখন সভাত হিমন্ত বিশ্বই কৈছিল- যিসকলে মোক মামা বুলি মাতে তেওঁলোকে ১০টা ভোট গোটাই মেছেজ দিয়ক মোক। মোৰ ম’বাইল নম্বৰ ৭৮৯৬০৫০০০০। কিন্তু হিতেই বিপৰীত হ’ল। ম’বাইল নম্বৰ দিয়াৰে পৰা শনিবাৰে দুপৰীয়ালৈ ২২ হাজাৰৰো অধিক মেছেজ আহিল সেই ম’বাইল নম্বৰত। শনিবাৰে আমিনগাঁৱত এখন সভাৰ অন্তত সাংবাদিকৰ আগত নিজৰ ম’বাইল দেখুৱাই হিমন্ত বিশ্বই ক’লে ম’বাইলটো খুলিবই নোৱৰা হ’লো। প্ৰতিমুহূৰ্ততে আহি আছে মেছেজ। আনকি বহু ডেকা-গাভৰুৱে তেওঁলৈ ভিডিঅ’ কলো কৰি আছে বুলি জনালে মন্ত্ৰী ড০ শৰ্মাই। মেছেজৰ প্ৰকোপত হেং হৈ পৰা ম’বাইলটো দেখুৱাই ড০ শৰ্মাৰ দাবী এয়া বিজেপিৰ প্ৰতি ৰাইজৰ মৰমৰ চিন। সেয়া হ’লেও অহৰহ আহি থকা মেছেজৰ বাবে ম’বাইল হেং হোৱাত প্ৰয়োজনতহে মেছেজ কৰিবলৈ নতুনকৈ আহ্বান জনাবলগীয়া হ’ল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।