Local, Vocal, Global

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাচা,কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ মেচিন নাঁৱেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা নাৱত উঠিবলৈ কাঠপাৰাত জীপচিৰে গৈ থকা অৱস্থাত পথৰ ওপৰত অৱস্থান কৰা এটা গঁড়ে পথ অৱৰোধ কৰাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় যদিও  বনকৰ্মীয়ে গঁড়টো আঁতৰাই পঠিয়াবলৈ সক্ষম হয়  ইয়াৰ পাছত মন্ত্ৰী গৰাকীয়ে সতীৰ্থ মন্ত্ৰী আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া সহ মেচিন নাৱত কহঁৰাৰ পৰা বাগৰি বনাঞ্চললৈ যাত্ৰা কৰে ৷মন্ত্ৰী গৰাকীয়ে কেইবাটাও বন শিবিৰ পৰিদৰ্শন কৰাৰ উপৰিও বনকৰ্মীৰ লগত মত বিনিময় কৰে লগতে বনকৰ্মীৰ অস্ত্ৰ সস্ত্ৰ পৰীক্ষা কৰি সেই সমূহ পুৰণিকলীয়া বুলি মন্তব্য কৰে মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই  ৷