Local, Vocal, Global

ৰাজ্যত আক্ৰান্তৰ সমান্তৰালকৈ বৃদ্ধি আৰোগ্য হোৱা ৰোগীৰ সংখ্যা

লকডাউনতো হ্ৰাস নহ’ল মহানগৰীত কৰ’নাৰ সংক্ৰমণ। ৰাজ্যত প্ৰতিদিনে ভয়ংকৰ আৰু উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কাল কৰ’নাৰ সংক্ৰমণ। সোমবাৰে ৰাজ্যত পুনৰ ১০৯৩ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ আক্ৰান্তৰ ৪৪৮ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ। ইয়াৰ বিপৰীতে সোমবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১০৭২ গৰাকী ৰোগীয়ে। বিগত চাৰিদিন ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৪ সহস্ৰাধিক লোক।

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৫,০৯২ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৭,০৯৫ গৰাকী। বৰ্তমান ৰাজ্যত ৭,৯৩৬ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৫৮ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে।

উল্লেখ্য যে অসমত বৰ্তমানলৈ ৬লাখ ৭১ হাজাৰ ১৯১ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন হৈছে। ২৪ ঘন্টাত ৰাজ্যত ২০ হাজাৰ লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ৰাজ্যত আক্ৰান্তৰ হাৰ ৫ শতাংশ হোৱাৰ বিপৰীতে সুস্থ হোৱা ৰোগীৰ হাৰ ৭১ শতাংশ।