Local, Vocal, Global

দেশৰ শীৰ্ষ এশজন ব্যক্তিৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম

নিউজ ডেস্ক,৩১ মাৰ্চঃ দেশৰ ১০০জন শক্তিশালী ব্যক্তিৰ তালিকাত ৩২ নম্বৰ স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা The most powerful Indisns in 2022ৰ তালিকাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্থান লাভ কৰিছে।

এই তালিকাত পূৰ্বৰ দৰেই প্ৰথম স্থান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী মোদীৰ পাছতে স্থান লাভ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তৃতীয় স্থানত আছে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত।

তাৰ পাছতে জেপি নাড্ডা আছে চতুৰ্থ স্থানত। দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।
ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে।

তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।