Local, Vocal, Global

Himanta Biswa Sarma at Chhattisgarh: ছত্তীশগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ২০ছেপ্টেম্বৰ : ছত্তীশগড়ত অসমৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা । ছত্তীশগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিবনুৱাৰ চাকৰি সন্দৰ্ভত বৃহৎ ঘোষণা । মঙলবাৰে ছত্তীশগড়ত এখন বিশাল ৰাজহুৱা সভাত অংগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ৰাজহুৱা সভাতে নিযুক্তি সন্দৰ্ভত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে(Himanta Biswa Sarma) ।

মুখ্যমন্ত্ৰীৰ ঘোষণা । অহা ৩ বছৰৰ ভিতৰত ১ লাখ চাকৰি দিয়া হ’ব! এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছত্তীশগড়ত এখন বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা(Himanta Biswa Sarma at Chhattisgarh)।

অসমত শাসনাধীন চৰকাৰৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰায় পূৰণ হোৱাৰ পথত।

এইবাৰ পুনৰ ছত্তীশগড়ত ১ লাখ চাকৰি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ছত্তীশগড়ৰ নৱগড়ত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত মঙলবাৰে ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ যেতিয়া অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে,যদি চৰকাৰ গঠন হ’লেই ১ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব।

সেই সময়ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল – সেয়া অসম্ভৱ। কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে অসমত ৯০ হাজাৰ যুৱক যুৱতীক নিযুক্তি দিয়া হৈছে।’’ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘অহা ৩ বছৰত অসমত আৰু ১ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব।’’

লগতে মুখ্যমন্ত্ৰীগৰাকী অসমত মুঠ ১০ লাখ নিবনুৱা থকা বুলি উল্লেখ কৰি কয় যে , অসমৰ নিবনুৱাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে আত্মসংস্থাপনৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব।

লগতে পঢ়ক :Jayanta Hazarika Birth Anniversary : দৰদী কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন