Local, Vocal, Global

WATCH | Himanta Biswa Sarma: ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ উন্মোচন বিজেপিৰ

নিউজ ডেস্ক,২৬এপ্ৰিল : শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰি উলিওৱা সংকল্প পত্ৰৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অনুষ্ঠানটোত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিশেষকৈ ৰাজ্যৰ শিক্ষা খণ্ডক লৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমৰ গাঁওসমূহত নিশাৰ বিদ্যালয় গঢ়ি তোলা হ’ব। মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ পাছত স্কুল-অংগনবাড়ী কেন্দ্ৰত হ’ব নাইট স্কুল(Himanta Biswa Sarma)।

মেট্ৰিক পৰীক্ষাৰ্থীক ৪ মাহৰ বাবে পঢ়ুৱাব পাৰিব শিক্ষিত ল’ৰা-ছোৱালীয়ে। প্ৰতিজন শিক্ষাৰ্থীৰ বিপৰীতে ৩০০ টকাকৈ লাভ কৰিব।

স্নাতক-স্নাতকোত্তৰ যুৱক-যুৱতীয়ে পঢ়ুৱাব পাৰিব মেট্ৰিক পৰীক্ষাৰ্থীক।

লগতে পঢ়ক : WATCH | Pahalgam terror attack : পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত ৰঙাপৰা চেম্বাৰ অৱ কৰ্মাচ মৌন সমদল