Local, Vocal, Global

WATCH | Indus waters Treaty Suspended : সিন্ধুৰ পানী বন্ধৰ ফলত মৰুভূমি হৈছে পাকিস্তান

নিউজ ডেস্ক,২৬এপ্ৰিল : পানী যুদ্ধ। সিন্ধু নদীৰ পানী বন্ধ কৰিলে তাৰতে। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত ২৮জন নিৰীহ ভাৰতীয়ক নৃশংসভাবে হত্যা কৰাৰ পিছত ভাৰতে পাকিস্তানক পাঠ শিকাবলৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত ঘোষণা কৰে। শুকুৰবাৰে প্রধানমন্ত্রী নবেন্দ্র মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত সিন্ধু নদীৰ পানী জল সন্ধি বন্ধ কৰাকে ধৰি পাঁচটা গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ভাৰতে এই কঠোৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে আজি পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক আহ্বান কৰে। পাকিস্তানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকতো অংশগ্রহণ কৰে তিনিওজন সেনা প্রধানে(Indus waters Treaty Suspended)।

এন এছ চিৰ বৈঠকৰ পাছত পাকিস্তানে গ্রহণ কৰে কেইবাটাও প্রতিশোধমূলক সিদ্ধান্ত। ভাৰতে ৰখা সীমান্ত বন্ধ কৰাৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানেও সীমান্ত বন্ধ কৰাৰ কথা ঘোষণা কৰে। যেতিয়া ভাৰতে পাকিস্তানক দেশ এৰি যাবলৈ পৰামৰ্শ জাৰি কৰিছিল তেতিয়া পাকিস্তানেও দেশখনত উপস্থিত থকা সকলো ভাৰতীয়কে ৩০ এপ্রিলৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰে। পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠকত বহু সিদ্ধান্ত লোৱা হৈছিল। পাকিস্তানে কয় যে যদি ভাৰতে পানী বন্ধ কৰে তেন্তে ইয়াক যুদ্ধ বুলি গণ্য কৰা হ’ব।

ভাৰতে তাৎক্ষণিকভাবে কার্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ প্ৰতিক্রিয়া স্বৰূপে পাকিস্তানে SAARC ভিছা আঁচনিৰ অধীনত ভাৰতীয়ক প্ৰদান কৰা সকলো ভিছা বাতিল কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানত থকা সকলো ভাৰতীয়কে ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নির্দেশ দিয়া হৈছে।

পাকিস্তানে কয় যে সিন্ধু জল সন্ধি বিশ্ব বেংকৰ দালালিত আন্তর্জাতিক সন্ধি আৰু একপক্ষীয় নিলম্বনৰ কোনো ব্যৱস্থা নাই। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সন্দৰ্ভত পাকিস্তানে কয় যে ই ইয়াৰ ২৪ কোটি জনসাধাৰণৰ জীৱনৰেখা আৰু ইয়াৰ উপলব্ধতা যিকোনো মূল্যতে সুৰন্বিত কৰা হ’ব।

পাকিস্তানে সন্ত্রাসবাদক গৰিহণা দিয়াৰ কথা কৈছে। পাকিস্তানে তৃতীয় দেশৰ জৰিয়তে বাণিজ্যকে ধৰি ভাৰতৰ সৈতে সকলো বাণিজ্য নিষিদ্ধ কৰিছিল। পাকিস্তানৰ সার্বভৌমত্ব আৰু নিৰাপত্তাৰ প্রতি যিকোনো ভাবুকিৰ প্রতি সকলো প্ৰকাৰে কঠোৰ সঁহাৰি দিয়া হ’ব।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ উন্মোচন বিজেপিৰ