Local, Vocal, Global

কৃষি বিভাগৰ কাম–কাজৰ পর্যালোচনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্বৰ শর্মাৰ

কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উক্ত বৈঠকত মুখ্যমন্ত্রী গৰাকীয়ে তিনি বছৰতকৈ অধিক সময় ধৰি সেৱা আগবঢ়োৱা কৃষি সম্প্ৰসাৰণ বিষয়াসকলৰ স্থানান্তৰিত কৰাৰ নিৰ্দেশনা আগবঢ়ায়।
উক্ত বৈঠকখনত অসম কৃষি আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাৰ লগতে বিভাগীয় অন্যান্য বিষয়াববীয়া সকলো উপস্থিত আছিল। আনহাতে আলোচনাৰ শেষত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ কৃষি দৃশ্যপটৰ সামগ্ৰিক বিকাশৰ বাবে সৰ্বশিক্ষা অভিযান বা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আৰ্হিত এখন বিশেষ সমিতি গঠনৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাই বিভাগটোক অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নিযুক্তি দি ৰাজ্যখনৰ ৩,০০০ গাওঁ পঞ্চায়ত আৰু গাওঁ পৰিষদ উন্নয়ন সমিতিত কৃষি উৎপাদনৰ এক বিস্তৃত জৰীপ কৰিবলৈও নিৰ্দেশনা আগবঢ়ায়। ইতিমধ্যে সাৰ যোগানৰ অনিয়মৰ বিৰুদ্ধে তাৎক্ষণিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণ কৰিব।