Local, Vocal, Global

৩ বছৰ সম্পূৰ্ণ হল আজিলৈকে ন্যায়ৰ অপেক্ষাত অভি–নীলৰ পৰিয়াল

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত মানৱ জাতিক লজ্জানত কৰা এই ঘৃণনীয় ঘটনা সংঘটিত হৈছিল।কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুজনকৈ সুঠাম যুৱকক এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল। যদিও ৮ জুনত এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল,কিন্তু তিথি অনুসৰি পৰিয়ালৰ লোকে ৪ জুনতে মৃত্যু বাৰ্ষিকী পালন কৰে।উল্লেখযোগ্য যে,যদিও অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ হ’ল কিন্তু আজিলৈকে ন্যায় নাপালে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পৰিয়ালে। অভিজিৎ নাথৰ পিতৃয়ে কয় যে “এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে। নতুন মুখ্যমন্ত্ৰীক আমি এই বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছো।”