Local, Vocal, Global

Self-reliant youth: ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বীতাৰ মুখ দেখা নাৰায়ণপুৰৰ জ্ঞানজ্যোতি

তেজপুৰ, ১৫ মে’ : চাকৰি নাথাকিলেই নিবনুৱা নহয়, শিক্ষাৰ প্ৰয়োজন জ্ঞান অৰ্জনৰ বাবেহে ৷ এনেধৰণৰ চিন্তাধাৰাৰে উদ্বুদ্ধ পিতা-পুত্ৰই যি কাম কৰি দেখুৱাইছে, সেয়া দেখাৰ পাচত আপুনিও হয়তো ক’ব – বাকৰি মাটিৰ পৰাই ধন বুটলিব পৰাৰ পাচতো কিয় দৌৰোঁ বহিঃৰাজ্যলৈ, কিয় ৰৈ থাকো চাকৰিৰ বিজ্ঞাপনলৈ (Why do you wait for job ads) !

জ্ঞানজ্যোতি বৰুৱা ৷ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি বৰুৱা স্নাতকৰ লগতে কাৰিকৰী শিক্ষাৰো ডিগ্ৰীধাৰী (He holds bachelor degree as well as technical education) ৷ উচ্চ শিক্ষিত যুৱকজনে বিচৰা নাই চাকৰি ৷ কিয়নো ঘৰৰ মাটিৰ পৰাই জ্ঞানজ্যোতিয়ে মাহিলী যিমান টকা উপাৰ্জন কৰি আছে, সিমান টকা বহু চাকৰিয়ে দিব নোৱাৰে ৷ দিব নোৱাৰে আত্ম সন্তুষ্টিও ৷

নাৰায়ণপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক কৃষ্ণ বৰুৱাৰ পুত্ৰ জ্ঞানজ্যোতি বৰুৱাই পিতৃৰ সৈতে মিলি মাত্ৰ ২০ হাজাৰ টকা বিনিয়োগ কৰি আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি (20000 invested in Ghost Chilli cultivation) । চাৰি কঠা মাটিত ৫০০ জোপা ভোট জলকীয়া ৰোপন কৰি আৰম্ভ কৰা কৃষিকৰ্মৰ জৰিয়তে এতিয়া মাহে উপাৰ্জন কৰিছে প্ৰায় ৮০ হাজাৰকৈ টকা ৷ প্ৰতি সপ্তাহত প্ৰায় ৫০ কিল’গ্ৰামকৈ ভোট জলকীয়া বিক্ৰী কৰি আছে ৪০০ৰ পৰা ৫০০ টকা পাইকাৰী দৰত ৷

উল্লেখ্য যে, ভোট জলকীয়াৰ আছে এখন সুকীয়া বজাৰ (Separate market for Ghost chilli) ৷ সেই বজাৰৰ চাহিদা পূৰাব পৰাকৈ এতিয়াও কৰা হোৱা নাই খেতি । নাৰায়ণপুৰৰ এই দুই পিতা-পুত্ৰই দেখুৱাই দিয়া বাটেৰে আগবাঢ়িলে নিশ্চয় এদিন নতুন প্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে হাতে-কামে দেখুৱাব পাৰিব – “পথাৰ আমাৰ, বজাৰ আমাৰ ৷”

লগতে পঢ়ক: Profitable Business Beekeeping: ঘৰৰ বাৰীতেই মৌ-পালনেৰে বছৰি উপাৰ্জন কৰিব পাৰে লাখ লাখ টকা