Local, Vocal, Global

পথ অৱৰোধ বেআইনী, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এতিয়াৰে পৰা ৰাজপথত দল -সংগঠনে আন্দোলন কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত দীর্ঘসময় ধৰি প্ৰতিবাদ কৰিব নোৱাৰে কোনো লোকে। বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰাজপথ অৱৰোধ কৰা আন্দোলন নিষিদ্ধ ঘোষণা কৰি দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ক বিভিন্ন পক্ষই আদৰণি জনাইছে।নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লীৰ শ্বাহীনবাগত দীৰ্ঘদিন ধৰি আয়োজিত প্ৰতিবাদ সম্পৰ্কীয়  এটা গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। বহু প্ৰতিবাদী কাৰ্যসূচীত সৰ্বসাধাৰণ নাগৰিকে হাৰাশাস্তিৰ সন্মুখীন হব লগীয়া হয়। বিশেষকৈ ‘কা’ আন্দোলনৰ সময়তো বিভিন্ন প্ৰান্তত সাধাৰণ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছিল। এনে ঘটনাই সংবাদ মাধ্যমৰ শিৰোণামো দখল কৰিছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ সঞ্জয় কিষান কৌল ,অনিৰুদ্ধ বসু , কৃষ্ণ মুৰাৰীয়ে শুনানি গ্ৰহণ কৰি কয়- প্ৰতিবাদ কৰাৰ বাবে ৰাজহুৱা স্থান বাচনি কৰাটো গ্রহণযোগ্য নহয়। বৃহৎ সংখ্যক লোকে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত আইনে কেতিয়াও অনুমতি দিব নোৱাৰিব আৰু এই কাৰ্য কৰা লোকসকলৰ ওপৰত কঠোৰ হ’ব আইন ব্যৱস্থা। কৰ্তৃপক্ষই ৰাজহুৱা স্থানৰ পৰা আন্দোলনকাৰীক আঁতৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতিবাদীসকলক ৰাজহুৱা স্থানৰ পৰা আঁতৰোৱাত কি পন্থা অৱলম্বন কৰিব সেয়া কৰ্তৃপক্ষই সিদ্ধান্ত ল’ব বুলিও ন্যায়ালয়ে উল্লেখ কৰে।

উল্লেখ্য যে, ‘কা’ বিৰোধী প্ৰতিবাদ সন্দৰ্ভত অধিবক্তা অমিত সাহানিয়ে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।